আপোনাৰ শিশুটিৰ নিজা Google একাউণ্ট বা প্ৰ’ফাইল থাকিবলৈ হ’লে, এই গোপনীয়তাৰ জাননী আৰু Googleৰ গোপনীয়তাৰ নীতিত বৰ্ণনা কৰা ধৰণে আপোনাৰ শিশুটিৰ তথ্য সংগ্ৰহ, ব্যৱহাৰ বা সদৰী কৰিবলৈ আমাক আপোনাৰ অনুমতিৰ প্ৰয়োজন হ’ব পাৰে। যেতিয়া আপুনি আপোনাৰ শিশুটিক আমাৰ সেৱাসমূহ ব্যৱহাৰ কৰিবলৈ অনুমতি দিয়ে, তেতিয়া আপুনি আৰু আপোনাৰ শিশুটিয়ে আপোনালোকৰ তথ্যৰ অপব্যৱহাৰ নহ’ব বুলি আমাক বিশ্বাসত লয়। আমি বুজি পাওঁ যে এইটো এটা ডাঙৰ দায়িত্ব আৰু আপোনাৰ তথ্য সুৰক্ষিত কৰিবলৈ আৰু আপোনাক সেইবিলাকৰ নিয়ন্ত্ৰণ প্ৰদান কৰিবলৈ আমি কঠোৰ পৰিশ্ৰম কৰোঁ। আপুনি ৱেব আৰু এপৰ কাৰ্যকলাপ, YouTube ইতিহাস আৰু প্ৰযোজ্য অঞ্চলসমূহত, কিছুমান Google সেৱা সংযোগ কৰাৰ দৰে কামৰ বাবে আপোনাৰ শিশুটিয়ে তেওঁৰ কাৰ্যকলাপৰ নিয়ন্ত্ৰণসমূহ পৰিচালনা কৰিব পাৰে নে নোৱাৰে সেইটো বাছনি কৰিব পাৰে।
Family Linkৰ জৰিয়তে পৰিচালিত ১৩ বছৰ (অথবা আপোনাৰ দেশত প্ৰযোজ্য বয়স)তকৈ কম বয়সীয়া শিশুৰ Google একাউণ্ট আৰু প্ৰ’ফাইলৰ বাবে এই গোপনীয়তাৰ জাননী আৰু Googleৰ গোপনীয়তাৰ নীতিয়ে Googleৰ গোপনীয়তা বিষয়ক ব্যৱস্থাসমূহ ব্যাখ্যা কৰে। আপোনাৰ শিশুৰ একাউণ্ট অথবা প্ৰ’ফাইলৰ বাবে থকা ব্যক্তিগতকৃত বিজ্ঞাপন সম্পৰ্কীয় সীমাবদ্ধতাৰ দৰে গোপনীয়তাৰ ব্যৱস্থাসমূহ সামৰি, সেই পাৰ্থক্যসমূহ এই গোপনীয়তাৰ জাননীত উল্লেখ কৰা হৈছে।
এই গোপনীয়তাৰ জাননী আপোনাৰ শিশুটিয়ে ব্যৱহাৰ কৰিব পৰা যিকোনো তৃতীয় পক্ষৰ (Googleৰ বাহিৰৰ) এপ্, কাৰ্য অথবা ৱেবছাইটৰ ব্যৱস্থাসমূহৰ ক্ষেত্ৰত প্ৰযোজ্য নহয়। আপুনি তৃতীয় পক্ষৰ (Googleৰ বাহিৰৰ) এপ্, কাৰ্য অথবা ৱেবছাইটৰ প্ৰযোজ্য চৰ্ত আৰু নীতিসমূহ আপোনাৰ শিশুটিৰ বাবে উপযুক্ত হয়নে নহয় নিৰ্ধাৰণ কৰিবলৈ সেইবোৰ পৰ্যালোচনা কৰা উচিত, য’ত তেওঁলোকৰ ডেটা সংগ্ৰহ আৰু ব্যৱহাৰৰ ক্ষেত্ৰত থকা ব্যৱস্থাসমূহ অন্তৰ্ভুক্ত।
আপুনি নিজৰ শিশুক এটা Google একাউণ্ট অথবা প্ৰ’ফাইল খুলিবলৈ অনুমতি দিলে, আমি সংগ্ৰহ কৰা তথ্যৰ ক্ষেত্ৰত তেওঁৰ একাউণ্ট অথবা প্ৰ’ফাইলটো সাধাৰণতে আপোনাৰ বুলি গণ্য কৰা হ’ব। উদাহৰণস্বৰূপে, আমি এইবিলাক তথ্য সংগ্ৰহ কৰোঁ:
একাউণ্ট অথবা প্ৰ’ফাইল সৃষ্টি কৰা প্ৰক্ৰিয়াৰ অংশ হিচাপে, আমি নাম, উপাধি, ইমেইল ঠিকনা আৰু জন্মৰ তাৰিখৰ দৰে ব্যক্তিগত তথ্য বিচাৰিব পাৰোঁ। আপুনি অথবা আপোনাৰ শিশুৱে যি তথ্য প্ৰদান কৰে আমি সেয়া সংগ্ৰহ কৰোঁ, যেনে- আপোনাৰ অনলাইন যোগাযোগৰ সবিশেষ, আপোনাৰ পৰা সন্মতি বিচাৰি আপোনাৰ সৈতে যোগাযোগ কৰিবলৈ আমাক ইয়াৰ প্ৰয়োজন। আপোনাৰ শিশুৱে একাউণ্ট অথবা প্ৰ’ফাইল ব্যৱহাৰ কৰোঁতে সৃষ্টি কৰা, আপল’ড কৰা অথবা অন্যৰ পৰা লাভ কৰা তথ্যও আমি সংগ্ৰহ কৰোঁ, যেনে- আপোনাৰ শিশুৱে Google Photosত কোনো চিত্ৰ ছেভ কৰিলে অথবা Google Driveত কোনো নথি সৃষ্টি কৰিলে।
আমি আপোনাৰ শিশুৱে ব্যৱহাৰ কৰা সেৱাসমূহৰ বিষয়ে আৰু আপোনাৰ শিশুৱে সেইবোৰ কেনেকৈ ব্যৱহাৰ কৰে সেই বিষয়ে কিছুমান তথ্য স্বয়ংক্ৰিয়ভাৱে সংগ্ৰহ আৰু ষ্ট’ৰ কৰোঁ, যেনে- যেতিয়া আপোনাৰ শিশুৱে Google Search বা Geminiত কোনো প্ৰশ্ন সন্ধান কৰে, Google Assistantৰ সৈতে কথা পাতে বা YouTube Kidsত ভিডিঅ’ চায়। এই তথ্যখিনিত এইবিলাক অন্তৰ্ভুক্ত:
আমি আপোনাৰ শিশুৱে Google সেৱাসমূহ এক্সেছ কৰিবলৈ ব্যৱহাৰ কৰা এপ্, ব্ৰাউজাৰ আৰু ডিভাইচৰ বিষয়ে তথ্য সংগ্ৰহ কৰোঁ, য’ত অদ্বিতীয় আইডেণ্টিফায়াৰ, ব্ৰাউজাৰৰ ধৰণ আৰু ছেটিং, ডিভাইচৰ ধৰণ আৰু ছেটিং, অপাৰেটিং ছিষ্টেম, বাহকৰ নাম আৰু ফ’ন নম্বৰকে ধৰি ম’বাইল নেটৱৰ্কৰ তথ্য আৰু এপ্লিকেশ্বনৰ সংস্কৰণৰ নম্বৰ অন্তৰ্ভুক্ত। আমি আপোনাৰ শিশুৰ এপ্, ব্ৰাউজাৰ আৰু ডিভাইচসমূহে আমাৰ সেৱাসমূহৰ সৈতে কৰা যোগাযোগৰ বিষয়েও তথ্য সংগ্ৰহ কৰোঁ, য’ত আইপি ঠিকনা, ক্রেশ্ব ৰিপ’র্ট, ছিষ্টেমৰ কাৰ্যকলাপ আৰু আপোনাৰ শিশুৰ অনুৰোধৰ তাৰিখ, সময় আৰু ৰেফাৰাৰ URL অন্তৰ্ভুক্ত। উদাহৰণস্বৰূপে, আমি এই তথ্য সংগ্ৰহ কৰোঁ যেতিয়া আপোনাৰ শিশুৰ ডিভাইচত থকা কোনো Google সেৱাই আমাৰ ছাৰ্ভাৰৰ সৈতে যোগাযোগ কৰে, যেনে- যেতিয়া তেওঁ Play Storeৰ পৰা কোনো এপ্ ইনষ্টল কৰে।
আমি আমাৰ সেৱাসমূহত আপোনাৰ শিশুৱে কৰা কাৰ্যকলাপৰ বিষয়ে তথ্য সংগ্ৰহ কৰোঁ, যিবোৰ আপোনাৰ শিশুৰ ছেটিঙৰ ওপৰত নিৰ্ভৰ কৰি আমি Google Playত তেওঁ ভাল পাব পৰা এপৰ চুপাৰিছ কৰাৰ দৰে কাম কৰিবলৈ ব্যৱহাৰ কৰোঁ। আপুনি আপোনাৰ শিশুৱে কাৰ্যকলাপৰ নিয়ন্ত্ৰণসমূহ পৰিচালনা কৰিব পাৰেনে নোৱাৰে তাৰ সিদ্ধান্ত ল’ব পাৰে। আমি সংগ্ৰহ কৰা আপোনাৰ শিশুৰ কাৰ্যকলাপৰ তথ্যত সন্ধান কৰা শব্দ, তেওঁ চোৱা ভিডিঅ’, তেওঁ অডিঅ’ৰ সুবিধাসমূহ ব্যৱহাৰ কৰাৰ সময়ৰ কণ্ঠধ্বনি আৰু অডিঅ’ৰ তথ্য, তেওঁ যোগাযোগ কৰা অথবা সমল শ্বেয়াৰ কৰা লোক আৰু তেওঁ তেওঁৰ Google একাউণ্টৰ সৈতে ছিংক কৰা Chrome ব্ৰাউজিঙৰ ইতিহাসৰ দৰে বস্তু থাকিব পাৰে। যদি আপোনাৰ শিশুৱে Google Meetৰ দৰে আমাৰ সেৱাসমূহ কল কৰিবলৈ আৰু গ্ৰহণ কৰিবলৈ অথবা বাৰ্তা প্ৰেৰণ আৰু গ্ৰহণ কৰিবলৈ ব্যৱহাৰ কৰে, আমি টেলিফ’নীৰ লগৰ তথ্য সংগ্ৰহ কৰিব পাৰোঁ। আপোনাৰ শিশুৱে তেওঁৰ একাউণ্ট অথবা প্ৰ’ফাইলত ছেভ কৰি থোৱা কাৰ্যকলাপৰ তথ্য বিচাৰিবলৈ আৰু পৰিচালনা কৰিবলৈ তেওঁৰ Google একাউণ্টলৈ যাব পাৰে আৰু আপুনিও আপোনাৰ শিশুৰ Google একাউণ্টত ছাইন ইন কৰি অথবা Family Linkত তেওঁৰ প্ৰ’ফাইল এক্সেছ কৰি তেওঁৰ কাৰ্যকলাপৰ তথ্য পৰিচালনা কৰাত সহায় কৰিব পাৰে।
আমি আপোনাৰ শিশুৱে আমাৰ সেৱাসমূহ ব্যৱহাৰ কৰাৰ সময়ত তেওঁৰ অৱস্থানৰ বিষয়ে তথ্য সংগ্ৰহ কৰোঁ। আপোনাৰ শিশুৰ অৱস্থান জিপিএছ, আইপি ঠিকনা, তেওঁৰ ডিভাইচৰ ছেন্সৰৰ ডেটা আৰু ৱাই-ফাই এক্সেছ পইণ্ট, চেল টাৱাৰ আৰু ব্লুটুথৰ সুবিধা সক্ষম কৰি থোৱা ডিভাইচৰ দৰে তেওঁৰ ডিভাইচৰ ওচৰত থকা বস্তুৰ তথ্য ব্যৱহাৰ কৰি নিৰ্ধাৰণ কৰিব পাৰি। আমি সংগ্ৰহ কৰা অৱস্থানৰ ডেটাৰ ধৰণসমূহ আপোনাৰ ছেটিং আৰু আপোনাৰ শিশুৰ ডিভাইচসমূহৰ ওপৰত আংশিকভাৱে নিৰ্ভৰ কৰে।
আমি আপোনাৰ শিশুৰ ভইচ আৰু অডিঅ’ৰ তথ্য সংগ্ৰহ কৰিব পাৰোঁ। উদাহৰণস্বৰূপে, যদি আপোনাৰ শিশুৱে অডিঅ’ সক্ৰিয় কৰাৰ নিৰ্দেশনা ব্যৱহাৰ কৰে (যেনে, “OK, Google” বুলি কৈ অথবা মাইক্ৰ’ফ’নৰ চিহ্ন স্পৰ্শ কৰি), তেওঁলোকৰ অনুৰোধটো সঁহাৰি জনাবলৈ তাৰ পাছতে কোৱা কথা/অডিঅ’ৰ এটা ৰেকৰ্ডিং প্ৰক্ৰিয়াকৰণ কৰা হ’ব। তাৰোপৰি, যদি আপোনাৰ শিশুৰ ৱেব আৰু এপৰ কাৰ্যকলাপৰ ছেটিঙৰ তলত থকা আপোনাৰ শিশুৰ ভইচ আৰু অডিঅ’ কাৰ্যকলাপৰ বিকল্পত টিক চিহ্ন দিয়া থাকে, তেওঁ ছাইন ইন কৰি থোৱা ডিভাইচসমূহত (লগতে কেইছেকেণ্ডমান আগৰ) Assistantৰ সৈতে কথা পতাৰ ৰেকর্ডিং তেওঁৰ একাউণ্টৰ সৈতে ষ্ট’ৰ কৰা হ’ব পাৰে।
আমি আপোনাৰ শিশুৰ তথ্য সংগ্ৰহ আৰু ষ্ট’ৰ কৰিবলৈ বিভিন্ন প্ৰযুক্তি ব্যৱহাৰ কৰোঁ, য’ত কুকি, পিক্সেলৰ টেগ, ব্ৰাউজাৰৰ ৱেব ষ্ট’ৰেজ অথবা এপ্লিকেশ্বনৰ ডেটা কেশ্ব, ডেটাবে’ছ আৰু ছাৰ্ভাৰৰ লগৰ দৰে স্থানীয় ষ্ট’ৰেজ অন্তৰ্ভুক্ত। এই একাউণ্ট অথবা প্ৰ’ফাইলসমূহৰ বাবে উপলব্ধ Googleৰ প্ৰ’ডাক্ট আৰু সেৱাসমূহ ব্যৱহাৰ কৰিবলৈ যুক্তিসংগতভাৱে দৰকাৰ হোৱাতকৈ অধিক ব্যক্তিগত তথ্য আমি আপোনাৰ শিশুৱে প্ৰদান কৰাটো আৱশ্যকীয় বুলি ধাৰ্য কৰা নাই।
আপোনাৰ শিশুৰ Google একাউণ্ট অথবা প্ৰ’ফাইলৰ বিষয়ে Googleএ সংগ্ৰহ কৰা ডেটা আমি কেনেকৈ ব্যৱহাৰ কৰিব পাৰোঁ সেই বিষয়ে Googleৰ গোপনীয়তাৰ নীতিয়ে বিশদভাৱে ব্যাখ্যা আগবঢ়ায়। সাধাৰণতে, আমি আপোনাৰ শিশুৰ তথ্য এইবোৰ কাৰণত ব্যৱহাৰ কৰোঁ: আমাৰ সেৱা প্ৰদান কৰিবলৈ, বৰ্তাই ৰাখিবলৈ আৰু উন্নত কৰিবলৈ; নতুন সেৱা বিকাশ কৰিবলৈ; আপোনাৰ শিশুৰ বাবে আমাৰ সেৱাসমূহ কাষ্টমাইজ কৰিবলৈ; কাৰ্যক্ষমতাৰ জোখ-মাখ ল’বলৈ আৰু আমাৰ সেৱাসমূহ কেনেকৈ ব্যৱহাৰ কৰা হয় সেয়া বুজিবলৈ; আমাৰ সেৱা সন্দৰ্ভত আপোনাৰ শিশুৰ সৈতে পোনপটীয়াকৈ যোগাযোগ কৰিবলৈ; আৰু আমাৰ সেৱাসমূহৰ সুৰক্ষা আৰু নিৰ্ভৰযোগ্যতা উন্নত কৰাত সহায় কৰিবলৈ।
এই উদ্দেশ্যেসমূহৰ বাবে আপোনাৰ শিশুৰ তথ্য প্ৰক্ৰিয়াকৰণ কৰিবলৈ আমি বিভিন্ন প্ৰযুক্তি ব্যৱহাৰ কৰোঁ। আমি স্বয়ংক্ৰিয় ছিষ্টেম ব্যৱহাৰ কৰোঁ যিয়ে আপোনাৰ শিশুক কিছুমান সুবিধা যেনে- কাষ্টমাইজ কৰা সন্ধানৰ ফলাফল অথবা তেওঁ আমাৰ সেৱাসমূহ ব্যৱহাৰ কৰাৰ ধৰণৰ ওপৰত ভিত্তি কৰি যুগুত কৰা অন্য সুবিধা প্ৰদান কৰিবলৈ তেওঁৰ সমল অথবা তেওঁ কৰা ভাব-বিনিময় বিশ্লেষণ কৰে। আৰু আমি আপোনাৰ শিশুৰ সমল বিশ্লেষণ কৰোঁ যাতে স্পাম, মালৱেৰ আৰু বেআইনী সমলৰ দৰে অপব্যৱহাৰসমূহ চিনাক্ত কৰাত আমাৰ সহায় হয়। আমি ডেটাৰ চাৰিত্ৰিক বৈশিষ্ট্য চিনাক্ত কৰিবলৈ কলনবিধিও ব্যৱহাৰ কৰোঁ। আমি আমাৰ ছিষ্টেমত আমাৰ নীতি উলংঘন কৰা স্পাম, মালৱেৰ, বেআইনী সমল আৰু অন্য ধৰণৰ অপব্যৱহাৰ চিনাক্ত কৰিলে, আমি তেওঁৰ একাউণ্ট অথবা প্ৰ’ফাইল অক্ষম কৰিব পাৰোঁ অথবা অন্য উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰিব পাৰোঁ। কিছুমান ক্ষেত্ৰত, উলংঘনটোৰ বিষয়ে আমি উপযুক্ত কৰ্তৃপক্ষক অভিযোগো দিব পাৰোঁ।
আপোনাৰ শিশুৰ ছেটিঙৰ ওপৰত ভিত্তি কৰি আমি চুপাৰিছ, ব্যক্তিগতকৃত সমল আৰু কাষ্টমাইজ কৰা সন্ধানৰ ফলাফল প্ৰদান কৰিবলৈ আপোনাৰ শিশুৰ তথ্য ব্যৱহাৰ কৰিব পাৰোঁ। উদাহৰণস্বৰূপে, আপোনাৰ শিশুৰ ছেটিঙৰ ওপৰত ভিত্তি কৰি, Google Playএ তেওঁ পচন্দ কৰিব পৰা নতুন এপৰ পৰামৰ্শ আগবঢ়াবলৈ তেওঁ ইনষ্টল কৰা এপৰ দৰে তথ্য ব্যৱহাৰ কৰিব পাৰে।
ইয়াৰ উপৰিও, আপোনাৰ শিশুৰ ছেটিঙৰ ওপৰত ভিত্তি কৰি, আমি ওপৰত বৰ্ণনা কৰা উদ্দেশ্যসমূহৰ বাবে আমাৰ সেৱাসমূহ আৰু আপোনাৰ শিশুৰ ডিভাইচসমূহৰ পৰা সংগ্ৰহ কৰা তথ্যসমূহ একত্ৰিত কৰিব পাৰোঁ। Googleৰ সেৱাসমূহ উন্নত কৰিবলৈ, আপোনাৰ শিশুৰ একাউণ্ট বা প্ৰ’ফাইলৰ ছেটিঙৰ ওপৰত ভিত্তি কৰি তেওঁ অন্য ছাইট আৰু এপত কৰা কাৰ্যকলাপ তেওঁৰ ব্যক্তিগত তথ্যৰ সৈতে জড়িত কৰা হ’ব পাৰে।
Googleএ আপোনাৰ শিশুক ব্যক্তিগতকৃত বিজ্ঞাপন প্ৰদান নকৰে, যাৰ অৰ্থ হৈছে বিজ্ঞাপনসমূহ আপোনাৰ শিশুৰ একাউণ্ট অথবা প্ৰ’ফাইলৰ তথ্যৰ ওপৰত আধাৰিত নহ’ব। ইয়াৰ পৰিৱৰ্তে, বিজ্ঞাপনসমূহ আপোনাৰ শিশুৱে চাই থকা ৱেবছাইট অথবা এপৰ সমল, শেহতীয়াকৈ কৰা সন্ধানৰ প্ৰশ্ন অথবা সাধাৰণ অৱস্থান (যেনে- চহৰ অথবা ৰাজ্য)ৰ দৰে তথ্যৰ ওপৰত আধাৰিত হ’ব পাৰে। ৱেব ব্ৰাউজ কৰোঁতে অথবা Googleৰ বাহিৰৰ এপ্ ব্যৱহাৰ কৰোঁতে আপোনাৰ শিশুৱে অন্য (Googleৰ বাহিৰৰ) বিজ্ঞাপন প্ৰদানকাৰীয়ে দেখুওৱা বিজ্ঞাপন পাব পাৰে য’ত তৃতীয় পক্ষই ব্যক্তিগতকৰণ কৰা বিজ্ঞাপন অন্তৰ্ভুক্ত।
আপোনাৰ শিশুৱে তেওঁৰ Google একাউণ্ট অথবা প্ৰ’ফাইলৰ জৰিয়তে ছাইন ইন কৰিলে ৰাজহুৱাকৈ আৰু অন্য লোকৰ সৈতে ফট’, ভিডিঅ’, অডিঅ’ আৰু অৱস্থানকে ধৰি তথ্য শ্বেয়াৰ কৰিব পাৰিব পাৰে। আপোনাৰ শিশুৱে ৰাজহুৱাকৈ তথ্য শ্বেয়াৰ কৰিলে সেয়া Google Searchৰ দৰে সন্ধান ইঞ্জিনৰ জৰিয়তে এক্সেছ কৰিব পৰা হ’ব পাৰে।
নিৰ্দিষ্ট কিছুমান পৰিস্থিতিত আমি সংগ্ৰহ কৰা তথ্য Googleৰ বাহিৰত শ্বেয়াৰ কৰা হ’ব পাৰে। তলৰ পৰিস্থিতিসমূহৰ বাহিৰে আমি Googleৰ বাহিৰৰ কোম্পানী, প্ৰতিষ্ঠান আৰু ব্যক্তিৰ সৈতে ব্যক্তিগত তথ্য শ্বেয়াৰ নকৰোঁ:
আমি সন্মতি সাপেক্ষে (যদি প্ৰযোজ্য হয়) Googleৰ বাহিৰত ব্যক্তিগত তথ্য শ্বেয়াৰ কৰিম।
Googleত থকা আপোনাৰ পৰিয়ালৰ গোটৰ সদস্যৰ সৈতে আপোনাৰ শিশুৰ তথ্য শ্বেয়াৰ কৰা হ’ব পাৰে, য’ত তেওঁৰ নাম, ফট’, ইমেইল ঠিকনা আৰু তেওঁ Playত কৰা ক্ৰয় অন্তৰ্ভুক্ত।
আমি আমাৰ সহযোগী কোম্পানী অথবা অন্য বিশ্বাসী ব্যৱসায় নাইবা ব্যক্তিক আমাৰ নিৰ্দেশনাৰ অনুসৰি আৰু এই গোপনীয়তাৰ জাননী, Googleৰ গোপনীয়তা নীতি আৰু অন্য আটাইবোৰ সঠিক গোপনীয়তা আৰু সুৰক্ষা ব্যৱস্থা মানি চলি আমাৰ বাবে ব্যক্তিগত তথ্য প্ৰক্ৰিয়াকৰণ কৰিবলৈ দিওঁ।
আমি Googleৰ বাহিৰৰ কোম্পানী, প্ৰতিষ্ঠান অথবা ব্যক্তিৰ সৈতে ব্যক্তিগত তথ্য শ্বেয়াৰ কৰিম যদিহে আমি ভৰসা কৰিব পৰাকৈ বিশ্বাস কৰোঁ যে তথ্যখিনি এই কাৰণসমূহৰ বাবে এক্সেছ, ব্যৱহাৰ, সংৰক্ষণ অথবা প্ৰকাশ কৰাটো যুক্তিসংগতভাৱে প্ৰয়োজনীয়:
কোনো প্ৰযোজ্য আইন, বিধি, আইনী প্ৰক্ৰিয়া অথবা বলৱৎ কৰিব পৰা চৰকাৰী অনুৰোধ মানি চলা;
সম্ভাব্য উলংঘনৰ তদন্তকে ধৰি প্ৰযোজ্য সেৱাৰ চৰ্তাৱলী বলৱৎ কৰা;
প্ৰৱঞ্চনা, সুৰক্ষামূলক অথবা কাৰিকৰী সমস্যা চিনাক্ত, প্ৰতিৰোধ অথবা সমাধান কৰা;
আইনমতে প্ৰয়োজনীয় অথবা আইনে অনুমতি দিয়া অনুসৰি Google, আমাৰ ব্যৱহাৰকাৰী অথবা ৰাইজৰ অধিকাৰ, সম্পত্তি অথবা সুৰক্ষাৰ ক্ষতি নোহোৱাকৈ সুৰক্ষা প্ৰদান কৰা।
আমি ব্যক্তিগতভাৱে চিনাক্ত কৰিব নোৱৰা তথ্যও (যেনে- আমাৰ সেৱাসমূহ সাধাৰণতে ব্যৱহাৰ কৰা ট্ৰেণ্ড) প্ৰকাশক, বিজ্ঞাপনদাতা, বিকাশকৰ্তা অথবা অধিকাৰ ধাৰকৰ দৰে অংশীদাৰসকলৰ সৈতে ৰাজহুৱাকৈ শ্বেয়াৰ কৰিব পাৰোঁ। উদাহৰণস্বৰূপে, আমাৰ সেৱাসমূহ সাধাৰণতে ব্যৱহাৰ কৰাৰ ট্ৰেণ্ড দেখুৱাবলৈ আমি ৰাজহুৱাকৈ তথ্য শ্বেয়াৰ কৰোঁ। আমি লগতে নিৰ্দিষ্ট কিছুমান অংশীদাৰক তেওঁলোকৰ নিজৰ কুকি অথবা একেধৰণৰ প্ৰযুক্তি ব্যৱহাৰ কৰি বিজ্ঞাপন দেখুৱাবলৈ তথা পৰিমাপ কৰিবলৈ ব্ৰাউজাৰ অথবা ডিভাইচৰ পৰা তথ্য সংগ্ৰহ কৰিবলৈ দিওঁ।
যদি আপোনাৰ শিশুৰ Google একাউণ্ট আছে, আপুনি তেওঁৰ Google একাউণ্টত ছাইন ইন কৰি তেওঁৰ তথ্য এক্সেছ কৰিব, আপডে’ট কৰিব, আঁতৰাব, ৰপ্তানি কৰিব আৰু প্ৰক্ৰিয়াকৰণ কৰাটো প্ৰতিবন্ধিত কৰিব পাৰে। যদি আপোনাৰ শিশুৰ একাউণ্টৰ পাছৱৰ্ডটো আপোনাৰ মনত নাই, আপুনি Family Link এপৰ জৰিয়তে অথবা ৱেবত Family Linkৰ ছেটিঙত সেইটো ৰিছেট কৰিব পাৰে। ছাইন ইন কৰাৰ পাছত, আপোনাৰ শিশুৰ গোপনীয়তাৰ ছেটিং আৰু তথ্য পৰিচালনা কৰাত সহায় কৰিবলৈ আপুনি Googleৰ গোপনীয়তা নীতিত বৰ্ণনা কৰা বিভিন্ন নিয়ন্ত্ৰণ, যেনে- Googleৰ কাৰ্যকলাপৰ নিয়ন্ত্ৰণসমূহ ব্যৱহাৰ কৰিব পাৰে।
যদি আপোনাৰ শিশুৰ এটা প্ৰ’ফাইল আছে, আপুনি Family Link এপৰ জৰিয়তে অথবা ৱেবত Family Linkৰ ছেটিঙত তেওঁৰ তথ্য এক্সেছ কৰিব, আপডে’ট কৰিব, আঁতৰাব, ৰপ্তানি কৰিব আৰু প্ৰক্ৰিয়াকৰণ কৰাটো প্ৰতিবন্ধিত কৰিব পাৰে।
আপোনাৰ শিশুৱে “মোৰ কাৰ্যকলাপ”ত তেওঁৰ অতীতৰ কাৰ্যকলাপ মচিব পৰা আৰু ডিফ’ল্ট হিচাপে, (ডিভাইচৰ অৱস্থান, মাইক্ৰ’ফ’ন অথবা সম্পৰ্কসূচীৰ দৰে বস্তুবোৰকে ধৰি) তৃতীয় পক্ষক এপৰ অনুমতি প্ৰদান কৰাৰ সামৰ্থ্য থাকিব। আপুনি আপোনাৰ শিশুৰ Google একাউণ্ট অথবা প্ৰ’ফাইলৰ তথ্য সম্পাদনা অথবা সলনি কৰিবলৈ, এপৰ কাৰ্যকলাপ আৰু এপৰ অনুমতি পৰ্যালোচনা কৰিবলৈ আৰু আপোনাৰ শিশুৰ তথ্য এক্সেছ কৰিবলৈ এপ্ অথবা তৃতীয় পক্ষৰ সেৱাসমূহক নিৰ্দিষ্ট কিছুমান অনুমতি প্ৰদান কৰাৰ বাবে আপোনাৰ শিশুৰ থকা সামৰ্থ্য পৰিচালনা কৰিবলৈও Family Link ব্যৱহাৰ কৰিব পাৰে।
যদি যিকোনো সময়ত আপুনি আপোনাৰ শিশুৰ তথ্য আৰু সংগ্ৰহ তথা ব্যৱহাৰ কৰাটো বন্ধ কৰিবলৈ বিচাৰে, তেন্তে Family Link এপত বা ৱেবত Family Linkৰ ছেটিঙত আপোনাৰ শিশুৰ একাউণ্ট বা প্ৰ’ফাইলৰ তথ্যৰ পৃষ্ঠাত “একাউণ্ট মচক” বা “প্ৰ’ফাইল মচক”ত ক্লিক কৰি আপুনি আপোনাৰ শিশুৰ Google একাউণ্ট বা প্ৰ’ফাইল মচিব পাৰে। আপোনাৰ শিশুৰ একাউণ্ট বা প্ৰ’ফাইলৰ তথ্য এক যুক্তিসংগত সময়ৰ ভিতৰত স্থায়ীভাৱে মচি পেলোৱা হ’ব।
আপোনাৰ শিশুৰ Google একাউণ্ট অথবা প্ৰ’ফাইলৰ বিষয়ে আপোনাৰ যদি কিবা প্ৰশ্ন আছে, আমাৰ সৈতে যোগাযোগ কৰিবলৈ সংকোচ নকৰিব। আমি আপোনাক সহায় কৰিবলৈ সদায় সাজু। আপুনি আমাৰ সহায় কেন্দ্ৰত Family Link আৰু আপোনাৰ শিশুৰ Google একাউণ্ট অথবা প্ৰ’ফাইলৰ বিষয়ে অতিৰিক্ত তথ্য পাব পাৰে। আপুনি Family Link এপত মেনু ☰ > সহায় আৰু মতামত > মতামত পঠিয়াওকত টিপি অথবা ইমেইলৰ জৰিয়তে আমাৰ সৈতে যোগাযোগ কৰি অথবা তলত দিয়া ঠিকনাটোত Family Link অথবা আপোনাৰ শিশুৰ Google একাউণ্ট অথবা প্ৰ’ফাইলৰ বিষয়ে আমালৈ মতামতো পঠিয়াব পাৰে।
Google
1600 Amphitheatre Parkway
Mountain View, CA 94043 USA
ফ’ন: +1 855 696 1131 (আমেৰিকা যুক্তৰাষ্ট্ৰ)
অন্য দেশৰ বাবে, g.co/FamilyLink/Contactলৈ যাওক
Googleএ কেনেকৈ আপোনাৰ শিশুৰ ডেটা সংগ্ৰহ আৰু ব্যৱহাৰ কৰে সেই বিষয়ে যদি আপোনাৰ কিবা প্ৰশ্ন আছে, আপুনি Google আৰু আমাৰ ডেটাক সুৰক্ষা প্ৰদান কৰা কাৰ্যালয়ৰ সৈতে যোগাযোগ কৰিব পাৰে। স্থানীয় আইনৰ অধীনত আপোনাৰ অধিকাৰ সম্পৰ্কে যদি আপোনাৰ কিবা উদ্বেগ আছে, আপুনি আপোনাৰ স্থানীয় ডেটাক সুৰক্ষা প্ৰদান কৰা কৰ্তৃপক্ষৰ সৈতেও যোগাযোগ কৰিব পাৰে।